হিমজ্যোতি তালুকদাৰ, পৰিচালক, কেলেণ্ডাৰ

 

জানুৱাৰী মাহ। ঠেটুৱৈ লগা জাৰৰ সময়। আমাৰ Calendar কেলেণ্ডাৰ চিনেমাখনৰ শ্বুটিং চলি আছে। ৰাতিপুৱা সাত-আঠ মান বজাৰ পৰা শ্বুটিং আৰম্ভ হয় ৰাতি আঠ মান বজালৈ চলি থাকে। তাৰ পাছত নিশাৰ আহাৰ গ্ৰহণ কৰি নিজ নিজ বাসস্থানলৈ ৰাওনা হওঁ।

 

চিনেমাখনত যিহেতু চৰিত্ৰ খুবেই কম সেইবাবে কিছুমান নিৰ্জীৱ বস্তুও আমাৰ চিনেমা খনত একো একোটা চৰিত্ৰৰ দৰেই। যেনে, সেই পুৰণা স্কুটাৰখন আৰু অৰুণ নাথ দায়ে প্ৰায়ে গাত লৈ থকা এড়ী চাদৰ খন। এই বস্তুকেইপদ চিনেমাখনৰ অমূল্য সম্পদৰ দৰেই। কিন্তু এই এড়ী চাদৰখনক লৈ ঘটিছিল এটা অঘটন। এড়ী চাদৰখন আছিল অৰুণ দাৰ নিজৰ আৰু আমাৰ সাজসজ্জা বিভাগৰ দায়িত্বত থকা ৰিমঝিমৰ দায়িত্বত আছিল সেইখন। আমাৰ শ্বুটিং চলিছিল দেৰগাঁৱত আৰু ৰাতি বাহৰ পাতি আছিলো গোলাঘাট নগৰৰ প্ৰশান্তি লজত। ভালেখিনি দূৰ হয়। এদিন ৰাতি শ্বুটিং শেষ হোৱাৰ পাছত মই মোৰ ভ্ৰাতৃসম ParThaৰ লগত তাৰ দুচকীয়া খনতে প্ৰশান্তি লজলৈ ওলালো। মাজত বিশাল ৰহঢলা পথাৰখন। জানুৱাৰী মাহৰ ফেৰফেৰীয়া ঠাণ্ডা বতাহ। যদিও শ্বুটিং স্থলীৰ কোনো বস্তু ব্যৱহাৰ কৰাটো নীতিবিৰুদ্ধ কথা তথাপি ঠাণ্ডাৰ পৰা ৰক্ষা পোৱাৰ স্বাৰ্থতে জেকেটৰ ওপৰতে ডিঙিত মেৰিয়াই ল’লো অৰুণ দাৰ এড়ী চাদৰখন। তেনেদৰেই দেৰগাঁৱৰ পৰা পাৰ্থ আৰু মই গোলাঘাটলৈ দুচকীয়া খনত আৰম্ভ কৰিলো যাত্ৰা। জানুৱাৰী মাহৰ ফেৰফেৰীয়া বতাহ ফালি ফালি দুয়োটাই পৰৱৰ্তী দিনৰ শ্বুটিঙৰ কথা পাতি পাতি গৈ আছো কঁপি কঁপি। দেৰগাঁৱৰ পৰা লাহে লাহে ওলাই আধা ঘন্টা মানৰ মূৰত প্ৰশান্তি লজ পাওঁ পাওঁ হৈছো, এনেতে ডিঙিত হাতখন দি মন কৰিলোঁ এড়ী চাদৰ খন নাই। কোন মূহুৰ্তত এড়ী চাদৰ ডিঙিৰ পৰা উৰি গ’ল গমেই নাপালো। হঠাতে জীৱটো ওলাই যোৱাৰ দৰে অনুভৱ হ’ল। কাৰণ পৰৱৰ্তী দিনা ৰাতিপুৱা সাত বজাৰ দৃশ্যটোতে এড়ী চাদৰখনৰ প্ৰয়োজন হ’ব। এড়ী চাদৰখনৰ বহু কেইটা দৃশ্য এতিয়াও বাকী। তাতে এড়ী চাদৰ খন হ’ল অৰুণ দাৰ। একেধৰণৰ এখন এড়ী চাদৰ এখন ইমান কম সময়ত বিচৰাও সম্ভৱ নহয়। ধাৰাবাহিকতা (continuity) ৰো কথা থাকে। পাৰ্থক কথাটো কোৱাৰ লগে লগে সি গৰ্জিবলৈ ধৰিলে। ইমান দূৰ অহাৰ পাছত আকৌ এড়ী চাদৰ বিচাৰি দেৰগাঁও উভতি যোৱা ধেমালি কথাও নহয়, তাতে ইমান ঠাণ্ডা। উপাই নাই। দুয়োটা আকৌ দেৰগাঁও অভিমূখে উভতিলো। ৰাস্তাত চাই চাই গৈ থাকিলো, গৈ থাকোতে ভাবি থাকিলো ৰাস্তাটো এড়ী চাদৰখন নাপালে পৰৱৰ্তী দিনৰ শ্বুটিং কি কৰিম, ক’ত গোটাম, তাতোকৈ ডাঙৰ কথা অৰুণ দাক কি বুলি উত্তৰ দিম। কম বাজেটৰ চিনেমাৰ শ্বুটিঙত এক এক মিনিট সময় বহু মূল্যবান। এড়ী চাদৰৰ কাৰণে শ্বুটিং ৰখিবলগীয়া হ’লে বৰ ডাঙৰ সমস্যা হৈ যাব। তাতে আমাৰ শ্বুটিঙো প্ৰায় অন্তিম পৰ্যায় পাইছেহি। উভতি আহি বহু দূৰ পালোহি। নাই এড়ী চাদৰৰ একো উৱাদিহ পোৱা নাই। বাইকখন লাহে লাহে চলাই গৈছে পাৰ্থই। মাজে মাজে দুই এখন সৰু গাড়ী। বাকী ৰাস্তা প্ৰায় খালী। শীতৰ মাজৰাতি এক জয়াল পৰিবেশ। চাৰিওদিশে কুঁৱলি। মই দুয়োফালে তন্ন তন্নকৈ চকু ফুৰাই গৈছো। বহু দূৰ অহাৰ পাছত মই পাৰ্থক ক’লো আশা নাই আৰু বুলি। অন্ঠ কণ্ঠ লাহে লাহে শুকাই আহিছিল। পাৰ্থই ক’লে আৰু অলপ আগৰ পৰা আহোঁ। প্ৰশান্তি লজৰ পৰা আকৌ প্ৰায় বিশ মিনিট দুচকীয়া খন চলাই অহাৰ পাছতে অলপ দূৰৰ পৰা দেখিলো মাজ ৰাস্তাতে কাপোৰ যেন লগা কিবা এখন পৰি আছে। মুখলৈ অলপ পানী আহিল, তথাপি সেইখন যে এড়ী চাদৰ আশা কৰা নাছিলো। কিন্তু অলপ ওচৰ চাপি বাইকৰ পৰা নামি প্ৰায় দৌৰি অহাদি আহি যেতিয়া কাপোৰখনৰ ওচৰলৈ আহিলো মুখত হাঁহি বিৰিঙি উঠিল। এড়ী চাদৰখন। তন্ন তন্ন কৈ চালো। সকলো ঠিকেই আছে। ৰাস্তাৰ মাজতে পৰি আছে যদিও তাৰ ওপৰৰে গাড়ী পাৰ হৈ যোৱাৰ একো চিন দেখা নাপালো। এইবাৰ সেইখন ডিঙিত নাবান্ধি বুকুৰ মাজতে সাৱটি পাৰ্থৰ লগত পুনৰ গোলাঘাট নগৰ অভিমূখে যাত্ৰা কৰিলো। পাছদিনা পুৱা সাত বজাত সেই এড়ী চাদৰ খন গাত লৈয়ে অৰুণ নাথ দায়ে দূৰ্দান্ত প্ৰদৰ্শন এটা দাঙি ধৰিলে।

(এই ঘটনাটো আমাৰ ইউনিটোৰ মাত্ৰ কেইজন মানেহে গম পায়। বাকী সকলে গম নোপোৱাকৈ থাকি গ’ল। অৰুণ দায়েও হয়তো এই পোষ্টটো পঢ়িহে গম পাব। Arun Nath দা, আশাকৰোঁ এড়ী চাদৰখন ঠিকেই আছে, আপোনালৈ ক্ষমা প্ৰাৰ্থনাৰে।)